মূল - প্ৰসিদ্ধ আইনজ্ঞ প্ৰয়াত ৰাম জেঠমালানি

তিলে তিলে নিঃশেষ হয় মোৰ বিবেক

(পুলক জ্যোতি শৰ্মা)

ৰাতিৰ অন্ধকাৰৰ নিঃশব্দতাত

মই মোৰ অন্তৰাত্মাৰ সৈতে মুখামুখি হওঁ

চাবলৈ যে মোৰ বিবেকে মোৰ আত্মাই এতিয়াও উশাহ-নিশাহ লৈ আছেনে

কাৰণ বিবেকৰ মৃত্যু হৈছে তিলে তিলে

পলে পলে


সুদৃশ্য ভোজনালয়ত আহাৰসাঁজৰ দাম পৰিশোধ কৰোঁতে ক্ষণিকলৈ ভাব হয়

সেইখিনি ধন হয়তো

মোৰ আগমণত দুৱাৰ মেলি ধৰি স্বাগতম জনোৱা দ্বাৰৰক্ষীজনৰ

এমাহৰ উপাৰ্জন

মই ততালিকে সেই ভাব মনৰ পৰা যেতিয়া বিতাড়ন কৰোঁ

মোৰ বিবেকৰ এটা অংশৰ নীৰৱে মৃত্যু হয়


বজাৰত দোকানীজনৰ পৰা পাচলি কিনোতে

তেওঁৰ পুত্ৰ ছোট্টুৱে যেতিয়া মিচিকিয়া হাঁহিৰে পাল্লাত ওজন কৰে

সৰু ল’ৰাটোৰ এতিয়া বিদ্যালয়লৈ যোৱাৰহে সময় বুলি বুজিও

তাৰ পৰা দৃষ্টি আঁতৰাই লওঁতে

মোৰ বিবেকৰ এডোখৰে নিশব্দে মৃত্যুৰ কোলাত ঠাই লয়


বেছ দামী ডিজাইনাৰ পোচাকত সাজিকাচি ওলাওঁতে

আলিবাটৰ কেঁকুৰীত যেতিয়া বাট পাৰ হোৱা তিৰোতাজনীক দেখা পাওঁ

আৰু তাইৰ মলিয়ন ছিন্ন বস্ত্ৰখন টানিটুনি আবুৰ ৰক্ষা কৰাৰ বৃথা চেষ্টা দেখি

খৰধৰকৈ গাড়ীৰ খিৰিকিৰ আইনা তুলি দিওঁ

মোৰ বুকুৰ এটা টুকুৰা অসাৰ হৈ যায়


সন্তানৰ বাবে দামী উপহাৰ লৈ ঘৰলৈ ওভতোতে

ভোকাতুৰ অৰ্ধনাঙঠ শিশুকেইটাই

বুভুক্ষিত দৃষ্টিৰে ট্ৰেফিক লাইটৰ কাষত

সস্তীয়া খেলনা বিক্ৰী কৰা দেখি

বিবেক দংশনৰ পৰা পৰিত্ৰান পাবলৈ দুই-এটা খেলনা কিনো

তেতিয়াও

মোৰ বুকুৰ এটা অংশ শুকাই যায়


অসুখীয়া বনকৰা মানুহজনীয়ে যেতিয়া জীয়েকক মোৰ ঘৰলৈ

স্কুল ক্ষতি কৰি হ’লেও কাম কৰিবলৈ পঠিয়াই

মই বুজোঁ যে ছোৱালীজনীক মই ঘৰলৈ ওভতাই পঠিয়াই দিয়া উচিত

কিন্তু মোৰ চকু যায় জমা হৈ থকা লেতেৰা বাচনৰ দ’মটোলৈ

কিনো হ’ব দুদিনমানৰহে কথা- বুলি নিজকে বুজনি দিওঁতে

মোৰ বিবেকৰ এটুকুৰা গম নোপোৱাকৈ নিঃসাৰ হৈ যায়


একোটা ধৰ্ষণৰ বাতৰি যেতিয়া শুনোঁ

বা কানত পৰে কোনো শিশুৰ হত্যাৰ খবৰ

মোৰ দুখ লাগে

কিন্তু এই ভাবি যেতিয়া সান্ত্বনা লওঁ যে সেই শিশুটো ভাগ্যে মোৰ নহয়

মই আইনাত নিজকে চাব নোৱাৰা হওঁ

মোৰ হৃদয়ৰ এটা কোনৰ নীৰৱে মৃত্যু হয়


যেতিয়া মানুহবোৰে জাতি, বৰ্ণ, ধৰ্ম লৈ দ্বন্দ-খৰিয়াল কৰে

মই অন্তৰত আঘাত পাওঁ, অসহায় অনুভৱ কৰোঁ

মই নিজকে কওঁ – দেশখন ৰসাতলে গ’ল

তাৰ বাবে জগৰীয়া কৰোঁ দূৰ্নীতিপৰায়ন ৰাজনীতিকবোৰক

তাত মোৰতো কৰণীয় একো নাই বুলি নিজকে প্ৰবোধ দিওঁতে

মোৰ বিবেকৰ একাংশৰ উশাহ হেৰাই যায়


মোৰ নগৰখনৰ যেতিয়া প্ৰদূষণেৰে দম বন্ধ হয়

মহানগৰৰ বতাহ উশাহৰ বাবেও বিষাক্ত হয়

মই মোৰ গাড়ীখন চলায়েই দৈনিক কামলৈ যাওঁ

জনপৰিবহনত অথবা চুবুৰীয়াৰ সৈতে একেখন বাহনত যাবলৈ অনীহা জন্মে

এখন গাড়ী বেছিকৈ চলিলেনো কি পাৰ্থক্য হ’ব বুলি তেতিয়া ভাবো

আৰু মোৰ বিবেকৰ এটা ফালৰ দম বন্ধ হৈ যায়


ৰাতিৰ আন্ধাৰৰ নিজানত

যেতিয়া মই মোৰ সৈতে মুখামুখি হওঁ

মই আচৰিত হওঁ যে

মোৰ বিবেক এতিয়াও শ্বাসৰুদ্ধ হৈ পৰা নাই

কাৰণ মোৰ নিজৰ এই দুই হাতেৰে

দিনে দিনে পলে পলে মই বিবেকক তিল তিলকৈ হত্যা কৰিছোঁ

মৃত্যুশয্যাত শুৱাই দিছোঁ

*** আৰু ইয়াকেই আমি জীৱন জীয়াই থকা বুলি কওঁ


--------------------------------------------

It dies a little

(Ram Jethmalani)

Sometimes in the dark of the night

I visit my conscience

To see if it is still breathing

For it’s dying a slow death

Every day.


When I pay for a meal in a fancy place

An amount which is perhaps the monthly income

Of the guard who holds the door open

And quickly I shrug away that thought

It dies a little.


When I buy vegetables from the vendor,

And his son ‘Chhotu’ smilingly weighs the potato

Chhotu, a small child, who should be studying at school

I look the other way

It dies a little.


When I am decked up in a designer dress

A dress that costs a bomb

And I see a woman at the crossing

In tatters, trying unsuccessfully to save her dignity

And I immediately roll up the window

It dies a little.


When I buy expensive gifts for my children

On return, I see half clad children

With empty stomach and hungry eyes

Selling toys at red light

I try to save my conscience by buying some,

Yet

It dies a little.


When my sick maid sends her daughter to work

Making her bunk school

I know I should tell her to go back

But I look at the loaded sink and dirty dishes

And I tell myself that is just for a couple of days

It dies a little.


When I hear about a rape

Or a murder of a child

I feel sad, yet a little thankful that it’s not my child

I can not look at myself in the mirror

It dies a little


When people fight over caste, creed and religion

I feel hurt and helpless

I tell myself that my country is going to the dogs

I blame the corrupt politicians,

Absolving myself of all responsibilities

It dies a little.


When my city is choked

Breathing is dangerous in the smog ridden metropolis

I take my car to work daily,

Not taking metro, not trying car pool

One car won’t make a difference, I think

It dies a little.


So when in the dark of the night

I visit my conscience

And find it still breathing

I am surprised.


For, with my own hands

Daily, bit by bit, I kill it, I bury it

**** and we call it a living.



********